হোম  |  ভাষাৰ বিকল্প  |  ডাউনলোড  | এফ এ কিউ  |   Help Manual  |   যোগাযোগ কৰক (নতুন বিনামূলীয়া নম্বৰ)  |   Site Map  
 
Assamese Cover
 
ভাৰতীয় ভাষাৰ বাবে প্ৰযুক্তি বিকাশ
 
মানুহে পৰস্পৰৰ সৈতে স্বাভাৱিকভাবে বিভিন্ন ধৰনে যোগাযোগ স্থাপন কৰে, ইয়াৰ ভিতৰত দৃশ্য-শ্ৰাব্য পদ্ধতি হ'ল প্ৰাথমিক মাধ্যম বৰ্তমানৰ মানৱ মেচিন যোগাযোগ প্ৰধান কাৰণে মানুহৰ সুবিধাতকৈ মিচনৰ সুবিধাৰ প্ৰতিহৈ লক্ষ্য ৰাথি প্ৰস্তুত কৰা হৈছে। মাউছ আৰু কী-বোৰ্ড হল প্ৰাথমিক ইনপুট ডিভাইছ তথা ভিজুৱেল ডিচপ্লে ইউনিট হ'ল প্ৰাথমিক আউটপুট ডিভাইছ, এই ইন্টাৰফেছবোৰ ব্যৱহাৰ কৰিবৈল বিশেষ আৰু মানসিক দৃষ্টিভংগীৰ প্ৰযোজন হয়, যিটো অধিকাংশ লোকৰে নাথাকে। এই মেচিন-কেন্দ্ৰিক যোগাযোগ মাধ্যমটো মানৱ কেন্দ্ৰিক মাধ্যমলৈ সলনি কৰাৰ আৱশ্যকতা আহি পৰিছে, যাতে মানুহে কম্পিউটাৰৰ ক্ষমতাৰ সুবিধাবোৰ ভগাব পাৰে | যদিও দৰ্শন মাধ্যমৰ মাজেদি লাভ কৰা তথ্য অধিক প্ৰভাবশালী হয়, তথাপিও তথ্যজনোৱাৰ সৰ্বজনপ্ৰিয় আৰু উজু মাধ্যমটা হ'ল ভাষা| ভাষাৰ মাধ্যমেৰে কৰা যোগাযোগৰ সুবিধাবোৰ বৰ্তমানে আগতকৈ বৃদ্ধি পাইছে, ইয়াৰ কাৰণ হ'ল কম্পিউটাৰ আৰু টিলেসংযোগ পদ্ধতিৰ আন্তঃমিলন, ফলত এতিয়া দূৰণিবটীয়া অঞ্চলৰ মানুহেও কম্পিউটাৰৰ জৰিয়তে তথ্য লাভ কৰিব পাৰে|

শাব্দিক যোগাযোগ এটা ৰূপ হ'ল স্বাভাৱিক ভাষা, ইয়েই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাষাত্ত্ব ভুমিকা অপৰিহাৰ্য কৰি তুলিছে| একেদৰে, কম্পিউটাৰক মানৱ কেন্দ্ৰিক ৰুপ এটা দিয়াটোও প্ৰযোজনীয় হৈ পৰিছে| মানৱ সমাজ এক অন্যন্য সুযোগেৰে সমৃদ্ধ- সেয়া হ'ল ভাষা, ইয়াৰ জৰিয়তে মানুহে সহজে তথ্য, ভাৰ আৰু পৰিকল্পনাৰোৰ প্ৰকাশ কৰিব পাৰে| স্বাভাৱিক ভাষা ব্যৱহাৰ কৰি মানৱ-মেচিনৰ মাজত আন্তঃক্ৰিয়া সুচল কৰি তুলিবলৈ মানৱ ভাষা প্ৰযুক্তিৰ বহুকেইটা দিশ, যেনে-ভাষা সংকোচন, ভাষা তথা লিপি চিনাক্তকৰণ আৰু তাত্‍পৰ্য বুজা, মেচিন অনুবাদ, লিপি প্ৰস্তুতিকৰণ, ভাষা সংশ্লেষণ আৰু কাৰ্ছিভ লিপি ইত্যাদিৰ বিকাশ ঘটাব লাগে| মেচিনৰ সৈতে আন্তঃক্ৰিয়া সম্পন্ন কৰিবলৈ ভাষাৰ, কথিত আৰু লিখিত দুয়োটা ৰূপ উপযোগী|
বিভিন্ন মঞ্চ আৰু কাৰ্য ৰূপায়নকাৰী প্ৰণালীত ডাটা প্ৰছেছিং, শব্দ প্ৰছেছিং, ডেস্কটপ প্ৰকাশন ইত্যাদিৰ জৰিয়তে বিগত দুটা দশকত কম্পিউটাৰত ভাৰতীয় ভাষাৰ ওপৰত কাম চলি আছে|

ভাষাৰ বাধা নথকাকৈ মানুহ আৰু মিচিনৰ আন্তঃক্ৰিয়া সুচল কৰি তুলিবলৈ, ভিন্ন ভাষাৰ তথ্য উত্‍স সৃষ্টি আৰু সংগ্ৰহ কৰিবলৈ তথা উদ্ভাৱনমুলক কাৰ্যকাৰী সামগ্ৰী আৰু সেৱাৰ বিকাশ ঘটাবলৈ উল্লিখিত বিষয়বোৰ সংহত কৰি বলৈ তথ্য প্ৰয়ূক্তি বিভাগে তথ্য সংসাধন আৰু কৌশল বিকশাই তোলাৰ উদ্দেশ্যৰে টিডিআই এল (ভাৰতীয় ভাষাৰ বাবে প্ৰযুক্তি বিকাশ কাৰ্যসুচিৰ পাতনি মেলিছে| কৰ্পৰা আৰু অভিধানৰ পৰীক্ষককৰ দৰে মৌলিক তথ্য সংসাধন উপকৰণ, অছিলাৰ আৰু লিপিৰ পৰা ভাষাৰ দৰে বিভিন্ন বিষয় বিকাশাই তোলা প্ৰকল্পসমূহলৈ আৰ্থিক সহায় আগবঢ়োৱা হৈছে| এইবোৰৰ গুনগত উতকৰ্ষৰো বিকাশ ঘটোৱা হৈছে|

ভাৰতীয় ভাষা প্ৰযুক্তি সামগ্ৰী সেৱাসমূহৰ বিকাশ ঘটাবলৈ দেশ ব্যক্তিগত, ৰাজহুৱা তথা চৰকাৰী পৰ্যায়িত বিভিন্ন প্ৰয়াস চলাই থকা হৈছে| ৰিচৰ্ছ কেন্দ্ৰ আৰু কইলনেট কেন্দ্ৰবোৰত বিকশাই তোলা ভাষা প্ৰযুক্তিবোৰ অতি মোনকালে প্ৰয়োগ কৰিচাৰ লাগে যাতে এই সম্পৰ্কত মতামত সংগ্ৰহ কৰিব তথা ৰাজহুৱা ব্যৱহাৰ বাবে উপলব্ধ কৰিব পৰা যায়| গৱেষণা আৰু বিকাশ প্ৰচেষ্টাবোৰে বৃহত্তৰ সমাজত প্ৰভাৱ পেলাবলৈ সক্ষম হব লাগিব| অৰ্থাত্ এই বিকাশ প্ৰচেষ্টাবোৰ কেৱল গৱেষণাগাৰতে সীমাৱদ্ধ নাথাকি ৰাজহুৱা প্ৰযোগৰ বাবে সুলভ্য হব লাগিব যাতে ব্যৱহাৰকাৰীৰ মতামত আৰু অভিজ্ঞতাৰ ভিত্তিত ভৱিষ্যত সংশোধনী ঘটাব পৰা যায়| চৰকাৰে অহা এবছৰৰ ভিতৰত তলত উল্লেখ কৰা সামগ্ৰী আৰু সমাধান উপায়বোৰ ৰাজহুৱাভাৱে উপলব্ধ কৰিবঃ

  সকলো ভাৰতীয় ভাষাৰ বাবে বিনামূলীয়া ফন্ট (টিটিএফ আৰু অ’টিএফ) তথা শব্দ সংসাধক প্ৰকাশন উদ্যোগৰ সৈতে কৰা আলাপ-আলোচনাৰ অন্তত পোন প্ৰথমে তামিল আৰু হিন্দী ভাষাৰ জনপ্ৰীয় ট্ৰূ টাইপ ফন্টছ্ (টিটিএফ) বিনামূলীয়া ৰাজহুৱা প্ৰয়োগৰ বাবে সদৰি কৰা হৈছে| ইণ্ডজ ৯৫/ উইণ্ড'জ ৯৮/ উইণ্ড'জ এন টি প্লেটফৰ্ম সংলগ্ন কম্পিউটাৰবোৰত টিটিএফ বহুলভাৱে ব্যৱহাৰ কৰা হয়| উইণ্ড'জ ২০০০/এক্স পি /২০০৩ আৰু লিনাক্স প্লেটফৰ্ম সংলগ্ন কম্পিউটাৰৰ বাবে অ’টিএফ (অপেন টাইপ ফন্ট) প্ৰকাশ কৰা হৈছে| এয়াত অভূতপূৰ্ব প্ৰচেষ্টা আৰু অধিকাংশ শব্দ সংসাধকে (বৰ্তমানেও সক্ৰিয় আৰু নতুন) এই ফন্টবোৰ কামত খটুৱাবলৈ সক্ষম হ'ব| ইয়াৰ ফলত তামিল নেট/তামিল ৯৯ আৰু টাইপ ৰাইটাৰ কী বোৰ্ড ব্যৱহাৰ কৰোতা সকলে ডাটা এন্ট্ৰী কৰিবলৈ অধিক ফন্ট লাভ কৰিব|
   
  তথ্য আহৰণ, পুনৰুদ্ধাৰ আৰু ডিজিটাইজেশ্বনৰ বাবে সকলো ভাৰতীয ভাষাতে অপ্টিকেল কেৰেক্টাৰ ৰিকগনিশ্বন (অচিআৰ)| অচিআৰে স্কেন কৰা ইমেজ (স্কেনাৰেৰ স্কেন কৰা ছপা পৃষ্ঠা) সম্পাদিত কৰিব পৰা লিপিলৈ পৰিৱতিত কৰে| ফলত এনে লিপি অন্য ক্ষেত্ৰত প্ৰযোগ কৰিব পৰা আৰু প্ৰযোজন অনুসৰি শুধৰাই লব পৰা যায় ইয়াৰ দ্বাৰা সবাতোকৈ লাভৱান হব প্ৰকাশন উদ্যোগ| উদ্যোগে এই ছফ্টৱেৰটো ব্যৱহাৰ কৰি কোনো লিপিৰ পুনৰ প্ৰকাশ আৰু নতুন সংস্কৰণ প্ৰকাশ কৰিব পাৰে |
   
  ৰেলৰে তথ্য, স্বাস্থ্যসেৱা, কৃষি, প্ৰাকৃতিক দুৰ্য়োগ ব্যৱস্থাপনা আৰু অন্য জনোপযোগী সেৱাবোৰৰ বাবে স্পীছ ইন্টাৰফেছেছ | এইবোৰে জনসাধাৰণক ভাৰতীয় ভাষাত উন্নত্তৰ প্ৰযুক্তিৰ লাভ গ্ৰহণ কৰাত সহায় কৰিব | এই প্ৰণালীবোৰত ব্যৱহৃত ইন্টাৰফেছে স্পীছ ৰিকগ্নিশ্বন ইঞ্জিন প্ৰয়োগ কৰি মানুহৰ মাত চিনাক্ত কৰি উলিয়াই ইয়াকসংগ্ৰহিত তথ্য লিপিলৈ পৰিৱৰ্তিত কৰে | লিপিৰ পৰা ভাষা পদ্ধতিৰ সহায় লৈ তথ্য পঢ়িব পাৰি | দৃষ্টিহীন লোকে ইন্টাৰনেটৰপৰা ইয়াৰ সহায়ত তথ্য আহৰণ কৰিব পাৰে |
   
  ভাৰতীয ভাষাৰ বাবে ব্ৰাউজাৰ, চাৰ্ছ ইঞ্জিন আৰু ই-মেইলৰ দৰে ইন্টাৰনেট একচেছ উপকৰণ | এইবোৰৰ সহায়ত বিভিন্ন ভাৰতীয় ভাষাত ই-মেইল প্ৰেৰণ কৰিব পৰা যাব | যিকোনো এটা ভাৰতীয ভাষাত কিবা প্ৰশ্ন সোধাৰ পাছত চাৰ্ছ ইঞ্জিনে অন্য ভাৰতীয ভাষাবোৰত তথ্য বিচৰাৰ সুবিধা প্ৰদান কৰিব |
   
  ভাৰতীয় ভাষাসমূহ আৰু ইংৰাজীৰ মাজত অন-লাইন অনুবাদ সেৱা | ইয়াৰ দ্বাৰা আগ্ৰহী লোকে লেখনি ইংৰাজী অথবা যিকোনো ভাৰতীয় ভাষালৈ অনুবাদ কৰিব পাৰিব |
   
এই সামগ্ৰী/সেৱাবোৰ অনলাইন হেল্পডেস্কৰ সৈতে টিডিআইএল ডাটা ছেন্টাৰৰ মাধ্যমেৰে কৰিব পাৰা যায় | গৱেষণা, সামগ্ৰী প্ৰস্তুতিকৰণ, প্ৰৱৰ্তন কাৰ্যত উত্‍সাহ যোগাবলৈ আৰু সমৰ্থন আগবঢ়াবলৈ চৰকাৰে টিডিআইএল- ডিছিৰ (ভাষা প্ৰযুক্তি ৰাজহুৱা সেৱা বিতৰণ ছেনেল) বাবে তলত উল্লেখ কৰা অভিযান আৰু সময় নিৰ্দিষ্ট কাৰ্য আঁচনি যুগুত কৰিছে-
   
  বজাৰত বিকশিত প্ৰযুক্তি মুকলিকৰণ
   
  সামগ্ৰী উদ্ভাৱন কৰিবলৈ প্ৰযুক্তিত শেহতীয়া সাল-সলনি ঘটোৱা নাইৱা সংশোধনী কৰা
   
  পয়োজনীয়তা অনুসৰি নতুন প্ৰযুক্তি বিকশাই তোলা
   
এই পৰিকল্পনাৰোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ, তলত উল্লিখিত কামবোৰ কৰা হ'ব-
  ১. পৰ্যাক্ৰমে টিডিআইএল ডাটা ছেন্টাৰৰ মাধ্যমেৰে ভাৰতীয় ভাষা প্ৰযুক্তি/ উপকৰণ বিতৰণ
   
  ২.বিকশিত উপকৰণ, প্ৰযুক্তি, সামগ্ৰী আৰু সেৱাসমূহৰ সংগ্ৰহ
   
  ৩. সুলভ্য উপকৰণ আৰু প্ৰযুক্তিৰ জৰিয়তে ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত চৰকাৰে চলাই থকা প্ৰচেষ্টাবোৰৰ বিষয়ে সজগতা বৃদ্ধিৰ প্ৰয়াসে আৰু প্ৰচাৰ অভিযান
   
  ৪. উপকৰণ, জনোপযোগী সেৱা, সামগ্ৰী ইত্যাদি বিনামূলীয়াকৈ ডাউনলোড কৰিবলৈ ব্যৱহাৰকাৰীক সুবিধা কৰি দিয়া
   
  5. ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰত্বৰ পৃষ্ঠপোষকতা কৰা
   
  ৬. নিৰ্দিষ্ট অনুপযোগ ক্ষেত্ৰবোৰ বাবে অভিযানৰ পাতনি মেলা
   
 
 

Valid XHTML 1.0 Transitional